Saturday, 2 May 2015

গৰুৰ বিষয়ে ৰচনা

Monoranjan Batsha

গৰুৰ বিষয়ে ৰচনা... গৰু এবিধ ডাঙৰ জন্তু ৷
ইয়াক চাৰিঠেঙীয়া জন্তু বোলে ৷
সেইবাবে ইয়াৰ চাৰিখন ঠেং আছে ৷
আগৰ দুখন আগ ঠেং, পাছৰ দুখন পাছ ঠেং
৷ ইয়াৰ দুটা চকু, দুখন কাণ, দুটা ফুটা থকা
এটা নাক, আৰু এডাল নেজ ৷ ইয়াৰ
নেজডাল বৰ দীঘল আৰু ধুনীয়া, মাইকী
মানুহৰ বেণীডালৰ নিচিনা ৷ মতা আৰু
মাইকী দুয়োবিধ গৰুৰে নেজ থাকে ৷
মাইকী গৰুৰ নেজ বিলাকত চুলি বেছি
থাকে ৷ ই ঘৰচীয়া যদিও ই ঘৰত
নাথাকে, গোহালিতহে থাকে ৷
কিছুমান গৰুৰ শিং থাকে, কিছুমানৰ
নাথাকে, কাৰণ সিহঁতে লাও খায় ৷
সেইবাবে সিহঁতক লাওখোৱা গৰু বুলিও
কয় ৷ জাতিলাও, ৰঙালাও, পানীলাও
আদি বহুতো প্ৰকাৰৰ লাওখোৱা গৰু
আছে ৷ সাধাৰণতে গৰুৱে ঘাঁহ খায় ৷
নহলে যি পায় তাকে খায় ৷ বিহাৰী
গৰুৱে চাধাও খায় ৷ আজিকালি গৰুৱে
প্লাষ্টিকৰ পেকেটো খায় ৷ সেইবিলাক
গৰুৰ গাখীৰ প্লাষ্টিকৰ পেকেটত ওলায় ৷
যেনে: পূৰবী, আমূল, সৰস ইত্যাদি ৷
সেইবিলাক দোকানতো পোৱা যায় ৷
নেমুটেঙা বেছিকৈ খোৱা গৰুৰ গাখীৰ
ফাটে ৷ কিছুমান গৰুৱে দৈ গাখীৰ
দিয়ে, কিছুমানে ক্ৰিম দিয়ে আৰু বেছি
ঠাণ্ডা ঠাইৰ গৰুৱে মাখন দিয়ে ৷
মৰুভূমি আদি অতি শুকান ঠাইৰ গৰুৱে
পাউডাৰ গাখীৰ দিয়ে ৷ গৰুয়ে হাঁহিলে
বৰ ধুনীয়া দেখি কাৰণ ইয়াৰ দাঁত
এপাৰি ৷ গৰুৱে সকলো কাম শ্লো-
মোচনত কৰে ৷ এবাৰত ঘাঁহ চোবাবই
নোৱাৰে ৷ এবাৰ খোৱাৰ পাছত আকৌ
বমি কৰি সেইবিলাক পাছত দুঘন্টামান
চোবাই চোবাই থাকে ৷ তাকে পাগুলা
বুলি কয় ৷ কাম নাথাকিলে গৰুৱে
তেনেকৈ টাইম পাছ কৰে ৷ মানুহেও গৰুৰ
নিচিনাকৈ টাইম পাছ কৰিবলৈ চুইং
গাম আবিষ্কাৰ কৰিছে ৷ যেনে: হেপি
ডেন্ট, চেন্টাৰ ফ্ৰেচ , বাবুল গাম
ইত্যাদি৷ বাবুল গামত ডাবুল টাইম পাছ
হয় ৷ কিছুমান গৰু ৰাস্তাত থিয় দি
থাকে৷ সিহঁতক স্পিড ব্ৰেকাৰ গৰু বোলা
হয় ৷ সিহঁত মানুহৰ নিচিনাই ৷ হৰ্ণ শুনিলেও ৰাস্তা এৰি নিদিয়ে ৷ যেন
ৰাস্তাটো সিহঁতৰ শহুৰেকৰ হে ৷ শাক-
পাচলিৰ বজাৰত ঘূৰি ফুৰা গৰু বিলাকে
দোকানে-দোকানে চান্দা উঠাই ফুৰে
কাৰণে সিহঁতক চিণ্ডিকেট গৰু বোলা হয়
৷ গৰু বৰ উপকাৰী ৷ কেতিয়াবাহে খং
উঠিলে খোঁচে ৷ গৰুৱে হাল বাব জানে,
গৰুগাড়ী চলাবও জানে ৷ আৰু বহুত কাম
কৰিব জানে ৷ গৰুৱে হাগিলে যি পদাৰ্থ
ওলায়, তাকে গোৱৰ বোলে ৷ ই দেখাত
সেউজীয়া ৰঙৰ ৷ খুব পনীয়া গোবৰ
ওলালে চেৰেলিউৱা বুলি কোৱা হয় ৷
আন্ধাৰত গোৱৰ গচকিলে বৰ খং উঠে ৷

তৰ্ক

Post By: Goutam Gogoi

এসময়ত এজন বুৰঞ্জীৰ শিক্ষক আৰু গণিতৰ শিক্ষকে তৰ্কত লিপ্ত হৈছিল ৷
বুৰঞ্জীৰ শিক্ষক: মই তোমাৰ লগত যুদ্ধ কৰিবলৈ মোগল সৈন্যক এৰি দিম ৷
গণিতৰ শিক্ষক: মই তোমাৰ সৈন্যবোৰক বন্ধনীত বন্দী কৰিম আৰু শূন্যৰ লগত হৰণ কৰি পূৰণ কৰি দিম ৷

শচীন

Post By: Goutam Gogoi

এজন বাতৰি কাকতৰ সাংবাদিকে শচীনৰ সৈতে এক সাক্ষাৎকাৰত সুধিলে-
সাংবাদিক: দ: আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ  ক্ৰিকেট ভ্ৰমণ সূচীত ভাৰতৰ অকৃতকাৰ্য্যতাৰ কাৰণ কি ?
শচীন:(ফটাফতি উত্তৰ) কাৰণ, ভাৰতীয় খেলুৱৈৰ লগত তাত কোনো গাৰ্ল-ফ্ৰেইণ্ড নাছিল ৷