Wednesday, 28 January 2015

ভাগ্য ভাল ছোৱালীবিলাকে বজাৰলৈ গৰু কিনিব নাযায়।

Post by: Gulzar Hussain

ভাগ্য ভাল ছোৱালীবিলাকে বজাৰলৈ গৰু
কিনিব নাযায়। গ'লে গৰুৰ
কি অৱস্থা হ'লে হয়।কোনো বাইদেউ যদি গৰু
কিনিব যায় ---
১। গৰুক চাবলৈ অৱশ্য চুইট হ'ব
লাগিব,মায়াসনা চেহাৰা থাকিক লাগিব।
মায়াৰ ওপৰিও গুন্ডা গুন্ডা লাগিব।
২.চকুৰ তলত ক'লা দাগ থাকিলে নহ'ব।এনে গৰু
দেখিব ধূনীয়া নালাগে।
৩.স্মাৰ্টলি নেজ লৰ - চৰ কৰিব লাগিব।
গাইগৰু নিচিনা নেজ লৰাই থাকিলে নহ'ব।
৪." হাম্বা " বুলি মাতিলে কন্ঠস্বৰ মধুৰ আৰু
হৃদয় স্পৰ্শশীল গীতৰ নিচিনা শুনিব পৰা হ'ব
লাগিব।
৫.শৰীৰৰ ৰং বগা হলেই নহ'ব ৰঙা ৰংগৰ লগত
হালদীয়াওঁ হ'ব লাগিব।
৬.গৰুৰ দৃষ্টি খঙাল হ'লে নহ'ব, চুইট
চাৱনিৰে চাব পৰা লাগিব।
৭.আচলকথা হল গৰু স্মাৰ্ট হ'ব লাগিব
আশিকি2 ৰ নায়কৰ নিচিনা।
যিমানে চুইট নহওঁক কিয়।
সমস্যা হল গৰুৰ দাম যদি ৩০ হাজাৰ অধিক হয়,
তেতিয়া হ'লে বাইদেউয়ে কিন্তু অভ্যাসগত
ভাবে ২ হাজাৰ পৰা দামাদামি আৰম্ভ
কৰিব।
আটাতকৈ ডাঙৰ কথা তাই গৰু
কিনি আনোতে আনোতে গৰু বজাৰ
২২টা পাৰহৈ যাব তথাপিওঁ গৰু কিনা নহ'ব ।
হে.. হে.. হে..
[ বি:দ্ৰ - বাইদেউসকলে মোক বেয়া নাপাব।
কৌতুক হে ]

এগৰাকী কনফিউজড পত্নীৰ চিঠি

শ্ৰী কৰ্ম জ্যোতি চুতীয়া > হাঁহিৰ ৰগৰ

এগৰাকী কনফিউজড পত্নীৰ চিঠি
আমাৰ ব্ল’গটো ইমানেই জনপ্ৰিয়
হৈছে যে আমি এনেধৰণৰ চিঠিও
মাজে মাজে লাভ কৰোঁ: -
চিঠি: ---
"এদিন নহয় মই মোৰ পোৱালি টোক
লৈ ডাক্তাৰৰ তালৈ গ’লোং| পোৱালিৰ
পেট চলি আছিল কাৰণে টেমা এটাত ৫০ গ্ৰাম
মান "হাগু" লৈ গৈছিলোঁং| ডাক্তাৰক
দিলোঁং| ডাক্তাৰটোৱে পৰীক্ষা কৰিলে...
তাৰ পিছত ক’লে- ওৱা! ও আই! এই
খিনি দেখোন হাগু নহয়... হালৱা হে...
গাজৰৰ হালৱা...
ও আই... মই পাগলা হৈ গ’লোঁং... কাৰণ মই
তো মানুহটোক টিফিনত অফিছলৈ নিবৰ
কাৰণে হালৱা ভৰাই দিছিলোঁং....
এইখিনি যদি হাগু নহয়, তেন্তে হাগু
খিনি তেওঁৰ টিফিনত... হে ইচচৰ....
তেতিয়াই মানুহটোৰ ফোন আহিল: "হে ৰা,
ইমান কম কে কিয় দিছিলা হে টিফিন| খাই
আমি চবে ইমান টেষ্টী পালুং...
আজি ফাৰ্ষ্ট টাইম তোমাৰ হাতৰ ৰন্ধাৰ
তাৰিফ কৰিছে জানা| কালিৰ
পৰা বেছিকৈ দিবা হা হালৱা...!"
মহোদয়, এতিয়া মই তেওঁক
কাইলৈ একেখিনি হালৱাকে পেক
কৰি দিয়া উচিত নে অনুচিত?
ইতি,
নাম প্ৰকাশত অনিচ্ছুক মহিলা"

এটা উৰণীয়া হাঁহ

Goutam Gogoi

এটা উৰণীয়া হাঁহ
এদিন এজন মানুহে এটা উৰণীয়া হাঁহ চিকাৰ
কৰিলে । গুলি খায়
হাঁহটো এজন বৃদ্ধৰ খেতিৰ ওপৰত পৰিল ।
মানুহজনে খেতিৰ
ভিতৰত সোমাই হাঁহটো বিচাৰি আনোতেই
গৃহস্থ বৃদ্ধই তাক
আগভেটি ধৰিলে ।
বৃদ্ধ :-- “মোৰ মাটিত পৰা যিকোনো বস্তু
মোৰ হৈ যায়, মই এই
হাঁহ নিদিওঁ আপোনাক” !
মানুহজনে ক'লে, -- ঐ বুঢ়া, মই অসমৰ
সকলোতকৈ ডাঙৰ উকিল
হয় । মোক এই চৰাইটো নিব নিদিলে মই তোৰ
বিৰুদ্ধে গোচৰ
কৰিম । তাৰ পাচত চাবি.. এই হাঁহ মোৰ
নে তোৰ ।
খেতিৰ মালিক বৃদ্ধই ক'লে, ''থ.. থ.. তোৰ
উকালতি, আমাৰ
এইফালে যিকোনো কাজিয়াৰ
মীমাংসা কৰাৰ ধৰণটো অলপ বেলেগ
ধৰণৰ ।
আমি কাজিয়া মীমাংসা কৰো তিনি গোৰ
পদ্ধতিত ।”
উকিলজনে ক'লে, “তিনি গোৰ
পদ্ধতি কেনেকুৱা ?”
খেতিৰ মালিক :-- “প্রথমে মই তোক
তিনিটা গোৰ মাৰিম,
তাৰপাচত তই মোক তিনিটা গোৰ মাৰিবি ।
আকৌ মই তোক
তিনি গোৰ মাৰিম, আকৌ তই মোক
মাৰিৰি !
এনেকৈ মাৰামাৰি চলি গৈ থাকিব
যেতিয়ালৈকে কোনেও ছাৰেণ্ডাৰ
নকৰে ।”
উকিল জনে চিন্তা কৰিলে.... নিয়মটোত
দেখোন বহুত ভালেই, এই
বুঢ়াটোক দেখোন সি তিনি গোৰতেই হাৰাই
দিব পাৰিব ।
এনেকৈ ভাবি উকিলজন এই
পদ্ধতিতে মীমাংসা কৰিবলৈ ৰাজি হৈ গ'ল

বৃদ্ধ মালিকে প্রথম এক গোৰ মাৰিলে তাৰ
কঁকালত, উকিলজন
চিঞৰি মাটিত পৰি গ'ল । দ্বিতীয় গোৰ
মাৰিলে তাৰ নাকত,
উকিলৰ নাকৰপৰা তেজ বাহিৰ হৈ গ'ল ।
তৃতীয় গোৰ
মাৰিলে উকিলৰ বুকুত, উকিলে বিষত কেকায়
অচেতন হৈ পৰি গ'ল ।
নাই নহ'ব, অচেতন হ'লে নচলিব, সি তাৰ
সমস্ত শক্তি একত্ৰিত
কৰি থিয় হ'ল । এইবাৰ তাৰ পাল.... বৃদ্ধৰ
কাষলৈ গৈ এক গোৰ
মাৰিবৰ বাবে ভৰি দাঙিলে । ঠিক সেই
মুহূৰ্ততে বৃদ্ধই হাঁহি ক'লে,
.
.
.
.
.
“মই ছাৰেণ্ডাৰ কৰিলো, তোমাৰ হাঁহ
তুমি নিব পাৰা ।”

বন্ধুত্বই হওঁক নাইবা প্ৰেমেই হওঁক

Gulzar Hussain > হাঁহিৰ ৰগৰ
বন্ধুত্বই হওঁক নাইবা প্ৰেমেই হওঁক
সকলো সম্পৰ্ক হয়তো আমাৰ মাজত
চিৰযুগমীয়া হ'বৰ বাবে গঢ়ি নুউঠে।
কোনো মানুহ আমাৰ
জীনৱলৈ আহে গুচি যাবলৈ।
কোনো কোনো মানুহৰ সৈথে হঠাৎ
কৰি পৰিচয় হৈ যায় ,ভাল লাগি যায়।
খুব ভাল সম্পৰ্ক গঢ়ি উঠে....
কিন্তু ,আচৰিত লাগে মানুহ বিলাক যিমান
সোণকালে আমাৰ জীৱনলৈ আহে ,
ঠিক তেনেকৈ অতি কম সময়ৰ ভিতৰত
আতৰি যায় ......নাজানো সেইমানুবোৰ
আমাৰ জীৱনলৈ কিয় আহে ? সেইমানুবোৰৰ
আগমন গঠে খন্তেকীয়া সময়ৰ সম্পৰ্ক
গঢ়ি আতৰি যোৱাৰ বাবেওঁ হয়তো ? কাৰণ
আমাৰ মাজলৈ সৰু সময়ত স্কুলত পঢ়া কত কত
বন্ধু আজি সময়ে আমাৰ পৰা দূৰত্বত আতৰাই
লৈ গৈছে।আপোনজনে এদিন আমাক
কন্দোৱাই বহু দূৰলৈ আতৰি যায় ।
এইমানুবোৰ জীৱনলৈ আহে গুচি যাবলৈ ।
সিঁহতে কোনো আঘাত নিদিয়ে , বৰঞ্চ
কিছুমান অভিজ্ঞতা এৰি থৈ স্মৃতি ৰমন্তন
কৰি ৰখাৰ মুহুৰ্ত দি যায় ......
এইমানুবোৰৰ কাৰণে আমি অজথা কষ্ট নাপাই
সিহতৰ অভিজ্ঞতাসমূহক সম্বল কৰি জীৱন
অতিবাহিত কৰাটোয়ে উচিত।সৃজনীশীল
কামৰ জৰিয়তে সেইমানুহবোৰক আমাৰ
মাজত জীয়াই ৰাখিব লাগিব ।

এদিন সন্ধিয়া

Post By: Gautam Nath

এদিন সন্ধিয়া এজন
যুৱকে গাওঁৰে মালতীহঁতৰ
ঘৰলৈ আহি চোতালত বহি তামোল
কাটি থকা তাইৰ মাকক ক'লে-- খুড়ী, মোক
অলপ কেঁচা হালধী লাগিছিল আছেনে ?
.
.
.
.
.
খুড়ী-- আছে, যোৱা পাকঘৰত মালতী আছে,
তুমি খুজি আনাগৈ।
.
.
.
.
.
.
যুৱক--(পাকঘৰত গৈ) মালতী, তোমাক ইমান
ধুনীয়া লাগিছে, চাওঁ চুমা এটাকে খাওঁ।
.
.
.
.
.
মালতী-- ইঃ ক'বলৈ লাজো নালাগে।
.
.
.
.
.
যুৱক-- এঃ একো নহয় দিয়া, চাওঁ.......
.
.
.
.
.
মালতী-- নাই নহ'ব, আগফালে মা আছে।
.
.
.
.
.
যুৱক-- এঃ তোমাৰ মায়ে একো নকয় দিয়া।
.
.
.
.
.
মালতী-- কি ক'লা ! মায়ে গম
পালে মজা দিব।
.
.
.
.
.
যুৱক-- (চিঞৰি) খুড়ী মালতীয়ে নিদিয়ে।
.
.
.
.
.
খুড়ী-- (চোতালৰ পৰা) দে মালতী,
একো নহয় দে .......

এটা বাস্তৱ ঘটনাৰ ওপৰত ৰচিত ... শাহু Vs বোৱাৰী

Gulzar Hussain > হাঁহিৰ ৰগৰ

এটা বাস্তৱ ঘটনাৰ ওপৰত ৰচিত ...
শাহু Vs বোৱাৰী
সকলোয়ে পঢ়িব নিচ্ছয় ।
[বিয়াৰ আগত]
- বিয়া পতাৰ পিছত তই আৰু মোক ইমান মৰম
নকৰ লগতে ভাত - পানী
কাপুৰ - কানী
একোয়েই নিদিয় ....!!
- কি যে ব'লকি থাক মা।সকলো ল'ৰাই
কি একে ধৰণৰ
হয় ?
-বিয়াৰ আগত সকলোৱে এইটো কথাই কয়
বোপাই।
-তুমি বিশ্বাস ৰাখা মা;মই তোমাৰ
সৈতে এনে
একোৱেই নকৰো।
-বোপাই বিয়াৰ আগত এইবোৰ কৈ'ছ কিন্তু
বিয়াৰ পিছত সকলো পাহঁৰি যাবি।
তেতিয়া সকলো
পাহৰি বোৱাৰীৰ আঁচলত ধৰি থাকিবি।আৰু
মোৰ ৰ্সন্মান হ'ব বুঢ়ীজনী।
-তুমি দেখিবা এনে একৱই হ নহয়।
[বিয়েৰ পিছত]
-তোমাৰ সমস্যাটো কি মা ?
-মানে?তই কি ক'ব খূজিছ?
-তুমি আজি আকৌ তোমাৰ বোঁৱাজনীৰ
স'তে বেয়া ব্যবহাৰ কৰিছা।কিন্তু
কিয় ?
- মই কোনো ধৰণৰ বেয়া ব্যবহাৰ কৰা নাই।
তোৰ
ঘৈণীয়ে মোক ঘৰৰ পৰা ওলাই
দিব বিছাৰিছে।মোৰ সৈতে বেয়া
ব্যৱহাৰ কৰিছে।
-আকৌ মিছা কথা কৈছা ...!!!
-মই মিছা কথা কৈছো নে তোৰ
ঘৈণীয়েৰে কৈছে??
-তেতিয়াহলে কি তোমাৰ
বোৱাঁৰীয়ে মিছা কথা কৈছে?তাই
কেতিয়াওঁ মিছা নকয়।তাইক মই খুব
ভালকৈ চিনিপাওঁ ।
সি এনেকোৱা ছোৱালী নহয়।
- তই মোক চিনি নাপাওঁ হে ..? মানে মই
মিছা কৈছো ...??
-ইমান কথা শুনাব নালাগে।তুমি যদি তাইৰ
কথা শুনি মানি চলিব
পাৰা তেতিয়াহলে মোৰ
ঘৰত থাকা।অন্যথ্যা
বৃদ্ধআশ্ৰমলৈ গুচি যোৱা। প্ৰতিদিনেই একেই
বিশৃংঙ্খল আৰু ভাল নালাগে।
এইখন চিত্ৰ আজি আমাৰ সমাজৰ বেছিভাগ
ঘৰতে দেখিবলৈ পোৱ যায়।কিন্তু
কিয় ....?? আধুনিকতাই কি আমাৰ বিবেক
বুদ্ধিক হ্ৰাসকৰি পেলাইছে নে লোপ পাব
ধৰিছে ....??
ল'ৰাবোৰক কৈছো,স্ত্ৰীৰ কথা কাণত
লৈ মাকৰ
সৈতে বেয়া ব্যবহাৰ নকৰিব।
মা আমাৰ কাৰণে আটাইকৈ
ডাঙৰ সম্পদ।মাকে আজি আমাক ৰ্জন্ম
দিলে,পিঠিত কোলাত লৈ স্নেহৰ
মাজেৰে ইমান ডাঙৰ - দীঘল কৰিলে ?তেওঁৰ
ওচৰত আপুনি কিমাণ
ঋণী এয়া কি আপুনি পাহৰি গৈছে....??
মাকৰ সৈতে সদায় ভাল ব্যৱাহাৰ কৰিব।
ছোৱালীবোৰক কৈছো,
শ্বাহুয়েকৰ সৈতে বেয়া
ব্যবহাৰ নকৰিব।স্বামীৰ
ওচৰত কাণ ফুচফুচাই শ্বাহুয়েকৰ
নামত নিন্দা নকৰিব।
শ্বাহুয়েক
আপোনাৰ মাকৰ নিচিনাই।আজি যদি তাৰ
ঠাইত আপোনাৰ
মা থাকিলেহেঁতেন
তেতিয়াহলে কি আপুনি এনে
নিন্দাজনক কামটো কৰিব পাৰিবনে ?
আপোনালোক একমত হলে কমেণ্ট
দি আপোনাৰ মতামত জনাব পাৰে ।
লগতে মোক ভালবন্ধুসকলে Add কৰিব পাৰে ।
আপোনাৰ বন্ধুত্বক মই আদৰি ল'ম ।

নিচিনো তোমাক কত আছা প্ৰভু আমি যে মদাহী লৰা ৷

Manabendra Malakar > হাঁহিৰ ৰগৰ
নিচিনো তোমাক কত আছা প্ৰভু
আমি যে মদাহী লৰা ৷
বটলে বটলে চুলাই খাওঁ নিচাহে নধৰে চালা৷
কেতিয়াবা খালত, কেতিয়াবা বামত
সকলোতে আমাক পাবা৷
কেতিয়াবা আকৌ ৰাষ্টাৰ কাষত বমিকৰাও
দেখা পাবা৷
নোৱাৰো এৰিব মদৰ নিচাহ
আমি যে মদাহী লৰা৷
মদ খাই খাই কম বয়খতে হলো আধা মৰা৷
থেংকিউ, ধন্যবাদ

বাবলু দা আৰু তেখেতৰ গার্লফ্রেণ্ডৰ মাজত চলা কথোপকথন

মৃণাল শর্মা অসমীয়া > হাঁহিৰ ৰগৰ
বাবলু দা আৰু তেখেতৰ
গার্লফ্রেণ্ডৰ মাজত চলা কথোপকথন
.
বাবলু দা- জানু,তুমি মোৰ
কাৰনে সকলো ত্যাগ কৰিব পাৰিবা?
প্রেমিকা- নিশ্চয় জানু ।
বাবলু দা- পাৰিবা তোমাৰ আপোন ঘৰখন
এৰিব?
.
প্রেমিকা-পাৰিম ডার্লিঙ ।
.
বাবলু দা-তোমাৰ মা-দেউতাক?
.
প্রেমিকা- নিশ্চয়কৈ, তোমাক
কথা দিলো জানু ।
.
.
বাবলু-হিন্দী তথা অসমীয়া চিৰিয়েল
কেইখন?
.
.
.
.
.
.
প্রেমিকা- অই বেটা,মুখ চম্ভালি কথা কবি

Saraswati পূজা উপলক্ষে কেইটামান উপদেশ

Post By: যদু মণি ফেচবুক

Saraswati পূজা উপলক্ষে কেইটামান উপদেশ ::
"""ছোৱালীবোৰ কাৰণে"""
১/কাইলৈ কি পিন্ধিব আৰু কি নিপিন্ধিব
আজিয়েই
থিক কৰি লোৱাঁ।
২/হোচতেলত
থকা ছেৱালীবোৰে ৰাতি ৩টাত গা ধূই
লবা,ৰাতিপুৱা পানী নেথাকিবও পাৰে।
৩/হাৰপিক বা চেনিফ্রেচ জাতীয়
বচতুৰে দাত
চফা কৰিব পাৰিবা।
৪/আজি ৰাতি ১২ বজাৰ পৰা কাপোৰ
পিন্ধা,মেক-
আপ কৰা আৰম্ভ
কৰিবা,তেতিয়া হে কাইলৈ ৰাতি পুৱা ৭-৮
বজাত
যাবলৈ ৰেডি হব পাৰিবা।
৫/আজিয়েই আইনা চাই চাই হঁহাৰ প্রেকটিচ
কৰা,টিভিৰ পর্দাত যিকোনো মূহর্তত ওলাব
পাৰে।
৬/ইমান
ধুনীয়াকৈ সাজি যাবা যেভিয়া,কোনোবা নহয়
কোনোবা ল'ৰা ক লাইন
দিবলৈ নাপাহৰিবা।
৭/বাইকত উঠোতে ভাল দৰে ধৰি লবা কাৰণ
বাইক
চালকজন বেলেগ ছোৱালীক চোৱাত Busy
থাকিব
পাৰে।।।
"""লৰাবোৰৰ কাৰণে"""
১/বাইকখন আজিয়েই
মেৰামতি কৰি লবা,নহলে যিকোনো মূহর্তত
ধোকা দিব পাৰে।
২/বাইকত আজিয়েই পেট্টোল ভৰাই
লবা,কইলৈ পেট্টোল পাম্পত বহুত ভিৰ হব।
৩/হেলমেট পৰিধান কৰক,নহলে বেলেগ
ছোৱালীক
বাইকৰ পিছত
দেখিলে গালফ্রেণন্ডে কলিজা খাব।
৪/যিমান পাৰি বোর্ডি ম্প্রে ব্যৱহাৰ
কৰিবা।
৫/পূজা উপলক্ষে কাইলৈ এবাৰ গা ধূবা।।।।।

Sunday, 4 January 2015

পত্নী ;- হেৰা

Post By: Jädû Môñî Gögöî

পত্নী ;- হেৰা ,
আজি আবেলি লুচি খাবানে ,ডাঙৰ ডাঙৰ
নিমকি খাবা ??
স্বামী :- তুমি বনোৱাচোন বাৰু , নাম পাচত
দি লম ৷৷

চুঙা চাই হোপা : যদি ভগৱানে আপোনাক এটা

Jyotish Gogoi > হাঁহিৰ ৰগৰ
যদি ভগৱানে আপোনাক এটা বৰ দিব
খোজে তেন্তে কি বিচাৰিব ?
ক) বুদ্ধিহীন শাৰীৰিক সৌন্দৰ্য্য ৷
খ) দুৰ্গন্ধময় -
মুখেৰে সৈতে চিকচিকিয়া বগা দাঁত ৷
গ) ব্যাকৰণগত ব্যুৎপত্তি নথকাকৈ শব্দৰ
বিশাল জ্ঞান ৷

ভ'ডাফোন কাষ্টমাৰ কেয়াৰ

Goutam Gogoi

ভ'ডাফোন কাষ্টমাৰ কেয়াৰ
আজি দুপৰীয়া এনেই এবাৰ 'ভ'ডাফোন
কাষ্টমাৰ কেয়াৰ' অফিচলৈ ফোন
কৰিলো..!
হয়তু,
এজনী খুবেই
সুন্দৰী ছোৱালীয়ে ফোনটো ৰিচিভ
কৰিছিল, কিয়নো লগে লগেই এক সুললিত
নাৰীৰ কণ্ঠত ভাঁহি আহিছিল --
..হেল্ল' ছাৰ মই আপোনাক কেনেকৈ
সহায় কৰিব পাৰো ?
দিপাংকৰ : তুমি মোৰ লগত বিয়া
হবা নেকি ?
ছোৱালী : হেল্ল' ছাৰ, আপুনি কাষ্টমাৰ
কেয়াৰ অফিচত ফোন কৰিছে, বোধহয়
এইটো আপোনাৰ ৰঙ নাম্বাৰ হৈছে ..!
দিপাংকৰ : মই জানো এইয়া
কাষ্টমাৰ কেয়াৰ অফিচ । তুমি মোৰ লগত
বিয়া হবানে কোৱা ?
ছোৱালী : মই এতিয়া বিয়াৰ বাবে
আগ্রহী নহয় ..!
দিপাংকৰ : ভাবি ছোৱা, এনেকুৱা 'ফ্রী-
অফাৰ' কোনেও নিদিয়ে, হনিমুনত
ছিংগাপুৰ লৈ ফুৰাব নিম !
ছোৱালী : (খঙত) মই আপোনাৰ
লগত বিয়া হব আগ্রহী নহয়, আপুনি অফাৰ
কিয় দি আছে ?
..
..
দিপাংকৰ : এতিয়া বুজিলেনে বাইদেউ,
আমাৰ অশান্তি বোৰ --
যেতিয়া কোনোয়ে আপোনালোকৰ
অফাৰবোৰৰ বাবে আগ্রহী নহয় --
..
..
আপোনালেকে বাৰে বাৰে দিনে ৰাতিয়ে
মেজেছ দি কিয় অফাৰ দি থাকে ?

এদিন এদল আৰ্মী অভিযান

Bidutbikash Arandhara > হাঁহিৰ ৰগৰ
তাৰ মানে কেচটো নগেন
এদিন এদল আৰ্মী অভিযান এটাত আমাৰ
নগেন কাইটি হঁতৰ গাঁৱৰ
ৰাস্তাৰেদি যাবলগীয়া হ'ল ।
নগেনকাইহঁতৰ গাঁওখন তাতে আক' বহুত
ভিতৰুৱা । আৰ্মীৰ গাড়ীখন নগেনকাইৰ
গাঁৱৰ ৰাস্তাতে বেয়া হ'ল ।বহুত
চেষ্টা কৰিও জোৱানকেইজনে গাড়ীখন
ভাল কৰিব পৰা নাই
তাতে আকৌ সেইদিনা খুউব টান ৰ'দ ।
ঠাইখনৰ নামো সিহঁতে জানিব পৰা নাই ।
জোৱানকেইজনে বৰ বিৰক্তি পাইছে ।হেড
কুৱাৰ্টাৰলৈ খবৰ দিবলৈও নেটৱৰ্ক
পোৱা নাই । এনেতে সেইফালে দি আমাৰ
নগেনকাই ক'ৰবালৈ যাওঁতে জোৱান
কেইজনৰ ফালে ঘূৰি ঘূৰি চাবলৈ ধৰিলে ।
তাকে দেখি এজন জোৱানে নগেনক
হিন্দীতে সুধিলে ।
জোৱান :- ক্যা হোতা হে ?
পিছে নগেনে হিন্দী ভালদৰে বুজিও
নেপায়, ক'বও নেজানে ।
নগেনে উত্তৰ দিলে
নগেন :- ডাঙৰি সূতা হে (এবিধ
কপাহী সূতা )।
জোৱান :-কাঁহা চে আতা হে ? নগেন :-
ঘেহুঁ চে আতা হে ।(মানে ঘেহুঁৰ
পৰা আটা হয়)
জোৱান :-কাঁহা হে ?
নগেনৰ কাহিব লগা নাছিল যদিও জোৰ
দি হ'লেও কাহিবলৈ ধৰিলে ।জোৱান :-
আচ্চা য়ে বাতাও ইচ ৰোড কা নাম
ক্যা হে?
নগেন :- ইচ ৰ'দ কা নাম টিকাফটা ৰ'দ
হে(খুউব টান ৰ'দ)
জোৱানজনে নগেনক
যাবলৈ দি টিকাফটা ৰ'দ ক'ত আছে মেপত
বিচাৰি বিচাৰি নাপালে ।
.
জোৱান চক নগেন ৰক

এবাৰ আমাৰ নিউজ লাইট চেনেলত চন্দন

বিনোদ বাইলুং বৰা > হাঁহিৰ ৰগৰ
এবাৰ আমাৰ নিউজ লাইট চেনেলত চন্দন
প্ৰতিম ধৰ্ম বৰদৈলৈয়ে এজন খেতিয়কক
মাতি আনি সাক্ষাত্কাৰ পাতিলে।
বৰদৈলৈ: স্বাগতম জনাইছো আপোনাক
আমাৰ চেনেললৈ। শুনিছো আপুনি এজন
আদৰ্শ খেতিয়ক, আপুনি আপোনাৰ গৰুক
কি খুৱাই?
খেতিয়ক: কোনটোক বগাতোক নে ক'লাতোক?
: বগাতোক
: ঘাঁহ খোৱাও
: আৰু ক'লাতোক?
: তাকো ঘাঁহ খোৱাও।
: ধন্যবাদ, আপুনি গৰু দুটাক ক'ত ৰাখে?
: কোনতোক বগাতোক নে ক'লাতোক?
: বগাতোক
: গোঁহালীত
: আৰু ক'লাতোক?
: তাকো গোঁহালীত
: ধন্যবাদ, আপুনি গৰু দুটাক
কিহেৰে গা ধুৱাই?
: কোনতোক বগাতোক নে ক'লাতোক?
: ক'লাতোক
: নদীৰ পানীৰে
: আৰু বগাতোক?
:তাকো নদীক পানীৰে। . .
. (চন্দন প্ৰতিম ধৰ্ম বৰদলৈ খংত জ্বলি পকি) :
যদি দুইতাৰে চব
একে কৰে তেন্তে বগাতো নে ক'লাতো বুলি কিয়
শুধে?
খেতিয়ক : কাৰন বগা গৰুতো মোৰ।
: আৰু ক'লা গৰুতো?
: হেইতোও মোৰ...

Friday, 2 January 2015

ৰাতি দুয়ো পতি পত্নী

Post By: Jädû Môñî Gögöî

ৰাতি দুয়ো পতি পত্নী একেখন
বিচনাতে মনে মনে বহি কিবা চিন্তা কৰি আছে ।
পত্নীৰ চিন্তা :
* অথনিৰে পৰা মোৰ লগত কিয়
কথা পতা নাই ।
* বেলেগ কাৰোবাৰ
কথা ভাবি আছে নেকি ?
* বেলেগ মহিলাৰ প্ৰেমত পৰা নাইটো ?
* মই অলপ শকত
হৈ যোৱা কাৰণে এনে কৰিছে নেকি ?
* মোক এতিয়া প্ৰয়োজন বোধ
বুলি নাভাবে নেকি ?
* মোৰ কথা বতৰাত কিবা বেয়া পাই
আছে নেকি ?
* হে ভগৱান মোক ড্ৰাইভোচ দিব নেকি?
* তেনেখন কৰিলে মোৰ
লৰা ছোৱালী কেইটা কি গতি হব ?
পতিৰ চিন্তা
* ধেৎ চাল্লা, আজি ফুটবল খেলখনত North east

ফটোৱা খেলিলে ।

চুঙা চাই সোপা : আপোনাৰ ভৱিষ্যতৰ বাবে আপোনি কত কাম কৰিব

By : মই খাটি অসমীয়া লৰা

আপোনাৰ ভৱিষ্যতৰ বাবে আপোনি কত
কাম কৰিব বিচাৰে ?
( তলৰ উত্তৰ কেইটাৰ ভিতৰত হব লাগিব )
1) পগলা ফাটেক
2) শ্মশানত
3) গাহৰিৰ ফাম
4) চিৰিয়াখানত
5) হস্পিতালৰ শৌচালয়