Wednesday, 10 December 2014

গাধ

Goutam Gogoi

এটি গাধ কান্দি কান্দি বৰালি ষ্টোৰৰ
আগৰ ৰাস্তাৰে গৈ আছিলে...
ওলোটা ফালৰ পৰা আন এটি বিন্দাছ গাধ
ৰোমাণ্টিক গানৰ ক'লি এটি সুহুৰিয়াই...
আহি আছিলে... দ্বিতীয় গাধৰ ৰোমাণ্টিক
সুহুৰি শুনি কান্দি থকা গাধৰ ক্ৰন্দন
দুগুনে বৃদ্ধি পোৱাত দ্বিতীয় গাধৰ অন্তৰত
দুখ লাগিলে...
দ্বিতীয় গাধঃ গাধভাই কান্দিছ কেলৈ...
নাপায় নহয় !!!
প্ৰথম গাধঃ মই আগতে এই দোকানৰ
মালিকৰ ঘৰত কাম কৰিছিলোং ।
দ্বিতীয় গাধঃ ও ও ও মালিক
বোধকৰোঁ তোমাক বহুত মৰম কৰিছিল ন...?
সেয়েই দোকান খন
দেখিয়ে মালিকলৈ বহুত মনত পৰিছে আউ
ন...? নষ্টালজিয়া বুজিলা ইয়াৰে নাম
নষ্টালজিয়া (ৰোমাণ্টিক সুহুৰি)
প্ৰথম গাধঃ নাই, মৰম কৰা নাছিলে,
উল্টা কমকৈ খাব দিছিলে আৰু
অনবৰতে গালি পাৰি আছিলে ...!!
দ্বিতীয় গাধঃ ধুৰ গাধ,
তেতিয়া হ'লে কান্দিছ কিয় বে...? নে তুৰ
বাপেক মৰিল... ? এনেই তহঁতক গাধ
কয়নে মানুহে...? চাল্লা গাধ ।
প্ৰথম গাধঃ নহয়ৰে গাধভাই, মালিকৰ ঘৰত
মোৰ ভবিষ্যত বহুত সোনালী আছিল
(হুক..হুক..হুক)
দ্বিতীয় গাধঃ কেনেকৈ বে গাধ...?
.
.
.
.
.
.
প্ৰথম গাধঃ মালিক প্ৰায়েই তাৰ জীয়ৰীক
মাৰি মাৰি কৈছিলে..
''মই তোক গাধ এটাৰ লগত বিয়া দিম,
তথাপিতো মুৰুলুনুক নিদিওঁ'...!!

No comments:

Post a Comment