মই খাটি অসমীয়া লৰা > হাঁহিৰ গিৰিজনি
কোন হয়?
*****************************
নগেন আৰু খগেন মিলিটেৰীত ভৰ্ত্তি হ'ল৷
প্ৰশিক্ষণ আৰম্ভ হ'ল৷
সকলো শাৰী পাতি থিয় হৈ
আছে৷
প্ৰশিক্ষকজন খগেনৰ ওচৰ পালে আৰু খগেনৰ
হাতত থকা বন্দুকটোলৈ আঙুলিয়াই সুধিলে..
: এইটো কি?
খগেনে লগে লগে উত্তৰ দিলে..
: এইটো বন্দুক..
প্ৰশিক্ষকজনে অতি গহীনাই কিন্তু সকলোৱে
শুনাকৈ ক'বলৈ ধৰিলে..
: এইটো বেলেগ মানুহৰ কাৰণে বন্দুক৷ কিন্তু
তোমাৰ বাবে এইটোৱেই তোমাৰ সকলো৷ই
তোমাৰ
মান, সন্মান, সাহস, অনুপ্ৰেৰণা.....
চমুকৈ ক'বলৈ
গ'লে এইটো তোমাৰ মা.....
খগেনে মূৰ দুপিয়াই শলাগিলে...
এইবাৰ প্ৰশিক্ষকজন নগেনৰ ওচৰ চাপি আহিল৷
তেওঁ নগেনৰ হাতত
থকা বন্দুকটোলৈ আঙুলিয়াই
সুধিলে..
: তুমি কোৱাচোন এতিয়া, তোমাৰ হাতত
এইটো কি?
নগেনে তপৰাই ক'লে..
: এইটো খগেনৰ মা...
মানে আমাৰ আন্টি....
No comments:
Post a Comment