Sunday, 14 December 2014

টিভি কিনিবলৈ ওলাল চেং

By:  মই খাটি অসমীয়া লৰা > হাঁহিৰ গিৰিজনি

টিভি কিনিবলৈ ওলাল চেং....
চেং :হৌৰা, এই টিভিটো কেইটকাত দিবা?
দোকানীঃ আমি গাঁওলীয়া ভূতক বস্তু
নেবেচো !
চেং (এক মাহৰ পিছত দাৰি-চুলি কাটি একদম
ফিটফিটিয়া হৈ) :হেৰা, এই টিভিটোৰ দাম
কিমান?
দোকানীঃ আমি গাঁওলীয়া ভূতক বস্তু
নেবেচো!
আকৌ এক মাহৰ পিছত চেং এইবাৰ ফৰ্মেল
দ্ৰেছত দন্দায়মান... চেং (ইংলিচত
হে আকৌ) : হাউ মাছ ফৰ দিচ টিভি?
দোকানীঃ আমি গাঁওলীয়া ভূতক বস্তু
নেবেচো!
ৰণচণ্ডীমূৰ্তি ধৰি চেং এইবাৰ গৰজি উঠিল...
"হৌৰা, বাৰে বাৰে তুমি মোক
কেনেকৈ গাঁওলীয়া ভূত
বুলি চিনি পোৱা হে?"
দোকানীঃ এইটোক মাইক্ৰৱেভ অভেন
বুলি কয় ৰে গৰু!

No comments:

Post a Comment